Local, Vocal, Global

Wayanad landslides: কেৰালাৰত ভয়ংকৰ ভূমিস্খলন; মৃতকৰ সংখ্যা ৬৩লৈ বৃদ্ধি

নিউজ ডেস্ক,৩০জুলাই : কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি । ৬৩ গৰাকী লোকলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা।

উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি, এন ডি আৰ এফ, ভাৰতীয় সেনাৰ লগতে নৌ সেনাৰ দলেও উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।মৃতকৰ সংখ্যা আৰু বৃ্দ্ধি পোৱাৰ সম্ভাৱনা আছে।

উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দুখন হেলিকপ্তাৰৰে চলাই আছে উদ্ধাৰ অভিযান। এতিয়াও বহুলোক আবদ্ধ হৈ আছে ভূমিস্খলন হোৱা অঞ্চলসমূহত। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ কাৰ্যত কিছু ব্যঘাত জন্মা বুলি সদৰি কৰিছে কেৰালা দুৰ্যোগ প্ৰশমন বিভা(Wayanad landslides)।

ইফালে এই শোকাৱহ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শোক প্ৰকাশ কৰি সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে।

সমগ্ৰ ঘটনাক শোকাৱহ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্তসকলক সৰ্বতো প্ৰকাৰৰ সহযোগিতাৰ নিৰ্দেশ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীকো ফোনযোগে এই ঘটনাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে( Massive landslides kill 63 in Kerala)।

লগতে পঢ়ক : By-elections to five Assembly : আজি প্ৰকাশ পাব ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা