Dead body recovered in Mangaldoi : মঙলদৈত কাপোৰেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ
নিউজ ডেস্ক,৩০জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা।
বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead body recovered in Mangaldoi) ।
এইবাৰ মঙলদৈ নিকটৱৰ্তী বৰ আঠিয়াবাৰীত উদ্ধাৰ মৃতদেহ । মঙলবাৰে পুৱা মঙলদৈ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়।
জানিব পৰা মতে, মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ ১৯ বছৰীয়া কন্যা কৃষ্ণা মনি ডেকা নামৰ যুৱতী গৰাকী সোমবাৰে মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘৰৰপৰা ওলাই যোৱাৰ পিছতেই কৃষ্ণাৰ মোবাইল ফোন বন্ধ পাইছিল মাক দেউতাকে। মাক দেউতাকে যোৱা কালি কৃষ্ণাৰ ওচৰ চুবুৰীয়া ,লগ বন্ধুৰ আগত খবৰ কৰিছিল যদিও একো সম্ভেদ পোৱা নাছিল।
মঙলবাৰে ৰাতিপুৱাই বৰ আঠিয়াবাৰী গাঁওৰ স্থানীয় ৰাইজে পথৰ দাঁতিত এটি কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা টোপোলা প্ৰত্যক্ষ কৰে । স্থানীয় ৰাইজে সন্দেহ কৰি ততালিকে মঙলদৈ সদৰ আৰক্ষীক খবৰ কৰে।
আৰক্ষী উপস্থিত হোৱাৰ পাছতেই টোপোলা খোলাৰ পিছত ওলাই পৰে এটি যুৱতীৰ মৃতদেহ। পিছত যুৱতীৰ মৃতদেহটো সোমবাৰৰ পৰা অন্তৰ্ধান হৈ থকা কৃষ্ণা মনি ডেকা বুলি চিনাক্ত হয়। ইতিমধ্যে মৃত দেহটো মঙলদৈ আৰক্ষীয়ে আনি মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰাখিছে। কেনেকৈ এনে ঘটনা সংঘটিত হ’ল তদন্তৰ পাছতহে পোহৰলৈ আহিব(Dead body recovered in Mangaldoi)।