Local, Vocal, Global

Lakshman Prasad Acharya to take oath as Governor of Assam : আজি শপত গ্ৰহণ কৰিব অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য

নিউজ ডেস্ক,৩০জুলাই : আজি শপত গ্ৰহণ কৰিব অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি দুপৰীয়া অনুষ্ঠিত হ’ব। শপতগ্ৰহণ(Lakshman Prasad Acharya to take oath as Governor of Assam)

আজি শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে।

লগতে পঢ়ক : child kidnapped in Sadiya : বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত অপহৰণ ছাত্ৰক