Encounter in Hajo : পুনৰ অপৰাধী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক,২৯জুলাই : গৰজি উঠিল আৰক্ষী । পুনৰ অপৰাধী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।
হাজোৰ ভৈল্লাবড়ীত নিশা আৰক্ষীৰ গুলীচালনা । ৰাহুল হুছেইন নামৰ এটা দুৰ্বৃত্তক লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ। নিতামণি দাসৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰাহুল(Encounter in Hajo)।
দেওবাৰে নিশা হত্যাকাৰী ৰাহুলক আৰক্ষীয়ে লগত লৈ ঘটনাস্থলী পৰিদৰ্শনৰ বাবে যাওতেই পলাবলৈ চেষ্টা কৰিছিল ৰাহুলে। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে।
ইফালে ৰাহুল আক্ৰমণত আহত হয় এগৰাকী আৰক্ষী কনিষ্টবল। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ৰাহুল হুছেইন।
লগতে পঢ়ক : New Vice-Chancellors for Three Universities Sworn : আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ