Wild buffalo terror : মৰাণত বনৰীয়া ম’হৰ সন্ত্ৰাস;নিহত এজন, আহত এজন

নিউজ ডেস্ক,২৯জুলাই : ৰাজ্যত বনৰীয়া ম’হৰ আতংক । ৰাজ্যত হোৱা বানৰ বিভীষিকাময় পৰিস্থিতিৰ পিছতে অভয়াৰণ্যৰ পৰা ওলাই আহিছে জন্তু ।
এইবাৰ মৰাণত বনৰীয়া ম’হৰ সন্ত্ৰাস । বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন, গুৰুকৰভাৱে আহত হয় আন এজন । নিহত লোকজন ২ নং বুঢ়ীখোৱাঙৰ দেৱেশ্বৰ চেলেং বুলি জানিব পৰা গৈছে । পথাৰৰ পৰা অহাৰ সময়তে ম’হে আক্ৰমণ কৰে লোকজনক। ম’হটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত লখেন শইকীয়া আন এজন(Wild buffalo terror)।
লগতে পঢ়ক : Delhi liquor policy case: অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট দাখিল