Man goes Missing : চাপৰৰ পৰা নিৰুদ্দেশ আনোৱাৰ আলী
নিউজ ডেস্ক,২৯জুলাই : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Man goes Missing)।
চাপৰৰ ঘুনিমাৰীৰ এজন লোক নিৰুদ্দেশ। শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে আনোৱাৰ আলী নামৰ লোকজন।
জানিব পৰা মতে, আনোৱাৰ আলী নামৰ লোকজনে ট্ৰাকৰ হেণ্ডিমেন কৰিবলৈ ঘৰৰ পৰা। ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা গুৱাহাটীৰ লখৰাৰ পৰা নিৰুদ্দেশ হয় লোকজন। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও পোৱা নাই শুংসূত্ৰ। আনোৱাৰৰ কিবা সম্ভেদ পালে থানা অথবা 8638595834ত যোগাযোগৰ আহ্বান পৰিয়ালৰ ।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : কাছাৰত জব্দ প্ৰায় ৯কোটি টকাৰ য়াবা টেবলেট