Minor boy died by drowning in pond : পুখুৰীৰ পানীত পৰিল সলিল সমাধি শিশুৰ
নিউজ জেস্ক,২৮জুলাই : পুখুৰীৰ পানীত পৰিল সলিল সমাধি শিশুৰ।
বৰপেটা জিলাৰ কলগাছিয়াৰ তাপেশ্বৰা গাঁৱত অঘটন । তাপেশ্বৰা গাঁৱৰ পুখুৰীৰ পানীত পৰে একেটা পৰিয়ালৰ তিনিটি শিশু । এই তিনিটি শিশুৰ ভিতৰত সাহাব উদ্দিন নামৰ লোকজনৰ কন্যা সুহানা পাৰবিন (৩)ৰ সমাধি ঘটে ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে শ্বৰিফুল ইছলামৰ পুত্ৰ শ্বাফিন আহমেদ (৩) আৰু শ্বাহানুৰ ইছলামৰ কন্যা ছাদিয়া খাতুন (৪)ক । ইয়াৰ পিচতেই পৰিয়ালৰ লোকে দুয়োটি শিশুক সংকটজনক অৱস্থাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰায়(Minor boy died by drowning in pond)।
ঘটনাৰ বিৱৰণি অনুসৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাপেশ্বৰা গাঁৱত একেটা পৰিয়ালৰ ৩ টি শিশু ঘৰৰ ওচৰতে থকা পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত পানীত পৰি ডুব যায় । কিছু সময় পিচত পৰিয়ালৰ লোকে শিশুকেইটিক দেখা নাপাই বিচাৰ খোচাৰ কৰাত পুখুৰীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি শিশু কেইটিক তুলি আনে যদিও এটিৰ মৃত্যু হয় ।