Agniveer Recruitment process for six districts : অসম আৰক্ষীত নিয়োগ কৰা হ’ব অগ্নিবীৰ
নিউজ ডেস্ক,২০জুলাই : অসম আৰক্ষীত নিয়োগ কৰা হ’ব অগ্নিবীৰ। সাজু হওক অসমৰ যুৱকসকল
ভাৰতীয় সেনা আঁচনিৰ অগ্মিবীৰ আঁচনিক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। সেনাবাহিনীত ঠিকাভিত্তিত চাকৰি লৈ কংগ্ৰেছৰ লগতে বিৰোধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰখনক সমালোচনাই থকা সৰকা কৰি আহিছে। শেহতীয়া কৈ সংসদত অগ্মিবীৰ আঁচনিক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে কৈছে
অগ্নিবীৰ হৈছে USE And THROW আঁচনি । এনেদৰে বিৰোধীয়ে সংসদত বিজেপি চৰকাৰৰ অগ্মিবীৰ আচনিক সমালোচনা কৰি থকাৰ সময়তেই দেশৰ ৬খন ৰাজ্যই ঘোষণা কৰিলে ।
অগ্নিবীৰ আৰক্ষীৰ পদত নিযুক্তিৰ কথা।মধ্যপ্ৰদেশ,ছত্তীশগড়,উৰিষ্যা,উত্তৰ প্ৰদেশ,ৰাজস্থান আৰু উত্তৰাখণ্ড(Agniveer Recruitment process for six districts) ।
ইতিমধ্যে এই ৬খন ৰাজ্যই অগ্মিবীৰ আৰক্ষীৰ পদত নিযুক্তিৰ কথা ঘোষণা কৰিছে। এই ৬ খন ৰাজ্যৰ নিযুক্তিৰ পাছতেই। অসমতো অগ্নিবীৰ আৰক্ষীৰ পদত নিযুক্তি হ’বঃ মুখ্যমন্ত্ৰী ।
টুইট যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অগ্নিবীৰ নিযুক্তি সন্দৰ্ভত কয় । অধিকাংশ অগ্নিবীৰকে অৱসৰৰ পাছতেই অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে…বিৰোধীয়ে অগ্মিবীৰ আঁচনিক লৈ অপপ্ৰচাৰ চলাই ভাৰতীয় সেনাক দৰ্বল কৰাৰ চেষ্টা চলাইছে।বিৰোধীৰ এই অভিসন্দিক ভাৰতে নস্যাৎ কৰিব।ভাৰতীয় সেনাৰ আধনিকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত অসম সদায় দৃঢ়ভাৱে থিয় হৈ থাকিব।
অসম চৰকাৰে ৰাজ্যৰ বহুতো অগ্মিবীৰক অসম আৰক্ষীত সংযুক্ত কৰাৰ সিদ্দান্ত লৈছে।এফালে বিৰোধীতে আনফালে ঘোষণা। অসমে এই বিৰোধীতাক কেনেদৰে নেওচি অগ্মিবীৰ আচনিত যোগদানৰ দিনৰ কথা ঘোষণা কৰিব সেইয়া সময়ত লক্ষনীয় হব।
লগতে পঢ়ক: Heatwave Crisis in Karachi: কৰাচীত চৰম গৰমৰ ফলত মৃত্যু ৫০০ৰো অধিক লোকৰ