Local, Vocal, Global

Heatwave Crisis in Karachi: কৰাচীত চৰম গৰমৰ ফলত মৃত্যু ৫০০ৰো অধিক লোকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮জুলাই : পাকিস্তানত ৰাজধানী কৰাচীত চৰম গৰমৰ ফলত বিগত মাহত মৃত্যু ৫০০ৰো অধিক লোকৰ । কৰাচীত ৫০০ ৰ পৰা ৬০০ নাগৰিকৰ মৃত্যুৰ পিছত সত্ৰ আদালতে বিদ্যুৎ উৎপাদন কোম্পানী কে-ইলেক্ট্ৰিককে ধৰি অন্যান্য বিদ্যুৎ উৎপাদক গোট আদিলৈ জাননী জাৰি কৰিছে(Over 500 dead in last month in Karachi due to severe heatwave) ।

জানিব পৰা মতে, উৎকট গৰমৰ বাবে মৃত্যু হোৱা লোকৰ বাবে কে-ইলেক্ট্ৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সত্ৰ আদালতত আবেদন দাখিল কৰা হয় । এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি, আবেদনকাৰীয়ে প্ৰকাশ কয়, “উৎকট গৰমৰ বাবে বিগত মাহত কৰাচীত ৫০০ ৰ পৰা ৬০০ লোকৰ মৃত্যু হৈছিল ৷ বিদ্যুৎ উৎপাদন কোম্পানী কে-ইলেক্ট্ৰিকক ইচ্ছাকৃতভাৱে ১০ ৰ পৰা ১৬ ঘণ্টা ধৰি বিদ্যুৎ বিচ্ছিন্ন কৰাৰ বাবে দোষাৰোপ কৰিছে ।”

আবেদনখনত তেওঁলোকে কয় যে আৰক্ষীয়ে কে-ইলেক্ট্ৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে । আবেদনখনত আৰু কোৱা হৈছে যে আৰক্ষীয়ে কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে এছ এইচ অ’ প্ৰিডি থানাক বিবৃতিটো ৰেকৰ্ড কৰি গোচৰটো পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।

আবেদনখনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে সিন্ধ উচ্চ ন্যায়ালয়ে এছ এছ পি কম্প্লেইণ্ট চেল চাউথ, এছ এইচ অ’ প্ৰীডি থানা আৰু কে-ইলেক্ট্ৰিকলৈ জাননী জাৰি কৰে । তদুপৰি সত্ৰ আদালতে জাননী জাৰি কৰি ৩০ জুলাইৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ কয় । চলিত মাহৰ আৰম্ভণিতে কৰাচীত মহাৰমৰ শোভাযাত্ৰাৰ মাজতে জিন্না হাস্পতালে চহৰখনৰ নুমেইছত থকা নিজৰ শিবিৰত ২০০ ৰো অধিক হিট ষ্ট্ৰ’ক ৰোগী ভৰ্তি হোৱা বুলি খবৰ প্ৰকাশ কৰিছিল বুলি এ আৰ ৱাই নিউজে জনায়(Heatwave Crisis in Karachi) ।

উল্লেখ্য যে, কৰাচীৰ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল । বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি মহানগৰীখনত আৰ্দ্ৰতাৰ মাত্ৰা ৫৩%, যাৰ ফলত উচ্চ উষ্ণতাৰ ফলত হোৱা অস্বস্তি যথেষ্ট বৃদ্ধি পাইছে দেশখনত । বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, এইবাৰ সৰ্বোচ্চ উষ্ণতা ৪২ ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়ক : Japanese Encephalitis : কলিয়াবৰত ক্ৰমাৎ জাপানীজ এনকেফেলাইটিছ ৰোগে লৈছে ভয়াৱহ ৰূপ