Japanese Encephalitis : কলিয়াবৰত ক্ৰমাৎ জাপানীজ এনকেফেলাইটিছ ৰোগে লৈছে ভয়াৱহ ৰূপ

নিউজ ডেস্ক,২৮জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।
বানৰ পাচতে এইবাৰ কলিয়াবৰত ক্ৰমাৎ জাপানীজ এনকেফেলাইটিছ ৰোগে লৈছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ গৰৈমাৰী গাঁৱৰ এটি চাৰিবছৰীয়া শিশু আৰু নলতলী গাঁৱৰ চানু বৰা নামৰ এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । আনকি এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে যোৱা ২৩ জুলাইত মৃত্যু মুখত পৰে সোণাৰী গাঁৱৰ সুজিৎ চাংমাই বৰুৱা নামৰ এজন লোক ।
ইতিমধ্যে স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীসকলৰ গাঁৱে-গাঁৱে আৰম্ভ কৰিছে আঠুৱা ঔষধীকৰণ আৰু ফ’গিঙৰ ব্যৱস্থা । এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা এলেকাত ৰাইজৰ মাজত সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মীয়ে অঞ্চলবাসীৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাও ৰাখিছে । কোনো লোকৰ ঘৰৰ চৌহদত যাতে পানী জমা হৈ নাথাকে আৰু চৌহদ সদায় চাফ চিকুণ হৈ থাকে, তাৰ প্ৰতি সজাগ হ’বলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনায় ৷
লগতে পঢ়ক : MP Gaurav Gogoi at Charaideo Maidam : ঐতিহাসিক চৰাইদেউ মৈদামত উপস্থিত সাংসদ গৌৰৱ গগৈ