Local, Vocal, Global

MP Gaurav Gogoi at Charaideo Maidam : ঐতিহাসিক চৰাইদেউ মৈদামত উপস্থিত সাংসদ গৌৰৱ গগৈ

সোণাৰি,২৮জুলাই : ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আন এক পৰিচয় লাভ কৰিলে । ফলত চৰাইদেউ ৰাইজৰ লগতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছতে চৰাইদেউ মৈদামত আজি উপস্থিত হয় যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ।

পবিত্ৰ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ চাকি-বন্তি জ্বলাই উপৰি পুৰুষক সোঁৱৰণ সাংসদগৰাকীৰ ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ পাচতো চৰাইদেউ মৈদামক লৈ যথেষ্ট কৰণীয় আছে বুলি মন্তব্য সাংসদগৰাকীৰ । চৰাইদেউ মৈদামক লৈ বিজ্ঞান ভিত্তিক গৱেষণাৰ প্ৰয়োজন আছে । চৰকাৰে পৰ্যটনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু গৱেষণাৰ বাবে যাতে কোনো সমস্যাৰ সন্মুখীন হ’ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে(MP Gaurav Gogoi at Charaideo Maidam) ।

আনহাতে বিজেপি চৰকাৰে ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহক লৈ ব্যৱসায়িক দৃষ্টি ভংগীৰে চাই বুলিও গুৰুতৰ অভিযোগ কৰে গৌৰৱ গগৈয়ে ।

বিশ্ব ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত যাতে তেনে পৰিৱেশ নহয় তাৰ বাবে চৰকাৰক আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে । চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সাংসদ গৰাকীৰ । তেওঁ কয়, “সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিলে, কিন্তু জিলাৰ সীমা নিৰ্ধাৰণ কিয় কৰিব পৰা নাই ?”

লগতে পঢ়ক :tense soituation in Karimganj Civil Hospital : ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি