জটিল ৰোগত আক্ৰান্ত এটি কণমানি; আৰ্থিক সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান
চাপৰ,২৮জুলাই : চাপৰ থানাৰ অন্তৰ্গত তটপাৰা গাঁৱৰ আব্দুল মজিদৰ পুএ সাহিল আলী নামৰ ৮ বছৰ বয়সৰ কনমানি শিশু প্ৰায় ৩-৪ বছৰৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে । আৰ্থিক অনাটনৰ বাবে পৰিয়ালটোয়ে কনমানি শিশুৰ চিকিৎসা কৰিব পৰা নাই ।কনমানি শিশুটিৰ দেউতাক আব্দুল মজিদ দিন হাজিৰা কৰি কোনো মতে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে পুত্ৰ সাহিল আলীৰ চিকিৎসা কৰি আছে ।।
আজি আব্দুল মজিদৰ পৰিয়ালে উপায়ন্তৰ হৈ সংবাদ মাধ্যম যোগে সহায় বিচাৰি ৰাইজৰ ওচৰত লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনায় ।
দুৰ্ভগীয় পিতৃয়ে আহ্বান জনাই মোৰ লৰা জনক আৰ্থিক অভাৱৰ বাবে মই চিকিৎসা কৰিব পৰা নাই । মোক অলপ সহায় কৰক । মোৰ লৰাটোক চিকিৎসা কৰাৰ বাবে অকন মান সহায়ৰ প্ৰয়োজন হৈছে ।
অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ সাহায্য বিচাৰি এনেকৈ আহ্বান জনায় অসহায় পিতৃ আব্দুল মজিদে।।।
কোনো সদাশয় ব্যক্তিয়ে যদি চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে 9395493784 নম্বৰত যোগাযোগ কৰিব পাৰে অথবা Account Number 07283211550475
Name – Shahi Ali,IFCS Code – UCBA0000728 যোগাযোগ কৰিবলৈ আহ্বান জনাই ।
আপোনালোকৰ অলপ সহায় এজন কনমাণিৰ জীৱন ৰক্ষা কৰিব পাৰে।
লগতে পঢ়ক : Road Accident in Rangia : ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱতী