Local, Vocal, Global

Tragic Road Accident in Baksa : এক ভয়ংকৰ দুৰ্ঘটনাত নিহত সেনা জোৱান

নিউজ ডেস্ক,২৮জুলাই : এক ভয়ংকৰ দুৰ্ঘটনাত নিহত সেনা জোৱান ।

বাক্সাৰ শালবাৰীৰ সৰুগাতি গাঁৱত এক মৰ্মান্তিক দুৰ্ঘটনা । শনিবাৰে নিশা ভৱানীপুৰ-মানাহ সংযোগী পথৰ দাঁতিত বাইকৰ সৈতে পৰি আছিল সেনা জোৱান এগৰাকী।

দেওবাৰে পুৱাহে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে জোৱানগৰাকীক। মৃত ভাৰতীয় জোৱান গৰাকীৰ নাম গোপী সূত্ৰধৰ(২৮) বুলি জানিব পৰা গৈছে(Tragic Road Accident in Baksa)।

ইতিমধ্যে ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

দুৰ্ঘটনাত পতিত বুলেট বাইকখনৰ নম্বৰ হ’ল- AS 12 AA 8498।

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ ১৬৬নম্বৰ বেটেলিয়নৰ জোৱান গৰাকী ডিব্ৰুগড়ত কৰ্মৰত আছিল(Tragic Road Accident in Baksa)।

লগতে পঢ়ক : Gulab Chand Kataria replaces Purohit as Punjab guv : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি