Local, Vocal, Global

President Droupadi Murmu appoints 9 new governors : দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি

নিউজ ডেস্ক,১০জুলাই : দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৰুত্বপূৰ্ণ সাংবিধানিক নিযুক্তি দিছে।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসম, মহাৰাষ্ট্ৰকে আদি কৰি মুঠ ৯ খন ৰাজ্যৰ ৰাজ্যপালক নিযুক্ত কৰেল লগতে ৰাষ্ট্ৰপতিয়ে পুডুচেৰীৰ বাবে এজন নতুন উপ ৰাজ্যপালও নিযুক্ত কৰে(President Droupadi Murmu appoints 9 new governors)।

উল্লেখ্য যে, অসমৰ নতুন ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচাৰ্য নিযুক্ত হৈছে। লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

ৰাজস্থানৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিছে হৰিভাও কিষাণৰাও বাগড়েক, তেলেংগানাৰ নতুন ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, ছিকিমৰ নতুন ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ।

ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিছে অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক, মেঘালয়ৰ নতুন ৰাজ্যপাল চি এইছ বিজয়শংকৰ, ঝাৰখণ্ডৰ পূৰ্বৰ ৰাজ্যপাল তথা তেলেংগানাৰ অতিৰিক্ত দায়িত্ব থকা চি পি ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে ছিকিমৰ বৰ্তমানৰ ৰাজ্যপাল তথা অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে, পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্বত থকা বানোৱাৰীলাল পুৰোহিতে পদত্যাগ কৰিছিল। ৰাষ্ট্ৰপতিয়ে বানোৱাৰীলাল পুৰোহিতৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা(President Murmu appoints governors for several states)।

লগতে পঢ়ক : Lakshman Acharya appointed Assam Governor : লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান