Japanese Encephalitis : কামপুৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ
নিউজ ডেস্ক,২৭জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কামপুৰতো জাপানীজ এনকেফেলাইটিছে লৈছে ভয়ংকৰ ৰূপ । কামপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু দুগৰাকীকৈ লোকৰ । যোৱা ১৯ জুলাইত কঠীয়াতলী টংকেশ্বৰ বৰা নামৰ এজন লোকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় ।আনহাতে বৃহস্পতিবাৰে পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা নামৰ মহিলাগৰাকীৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।
ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকীলোকো বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । চিকিৎসাধীন হৈ থকা লোককেইজন কামপুৰৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, কঠিয়াতলীৰ আছান হ’ক আৰু ৰাঙলুৰ ৰহিমা খাতুন বুলি জানিব পৰা গৈছে । সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন অৱস্থাত আছে তিনিওগৰাকী(Japanese Encephalitis) ।
লগতে পঢ়ক : Veteran Musician Ramen Barua missing : ক’ত হেৰাল বিশিষ্ট শিল্পী ৰমেন বৰুৱা?