Local, Vocal, Global

Teenager died of electric shock : RSSৰ বৰ্গ কেম্পত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ১৭ বছৰীয়া কিশোৰৰ

নিউজ ডেস্ক,২৭জুলাই : মঙলদৈত RSSৰ বৰ্গ কেম্পত অঘটন। মঙলদৈত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ১৭ বছৰীয়া কিশোৰৰ । নিহত কিশোৰজন বিকাশ দাস বুলি জানিব পৰা গৈছে। মঙলদৈৰ ডাহা গাঁৱত ঘৰ বিকাশ দাসৰ।

জানিব পৰা মতে, বৰঙাবাৰী হাইস্কুলত চলি আছিল RSSৰ বৰ্গ কেম্প। দৰং জিলা সমিতিৰ উদ্যোগত চলি আছিল প্ৰশিক্ষণ। বিদ্যালয়খনৰ দমকলত ভৰি ধুবলৈ যাওঁতে ঘটিল অঘটন। দমকলটোৰ সৈতে সংলগ্ন হৈ আছিল পানীৰ মটৰ। মটৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুৎস্পৃষ্ট হয় বিকাশ। ঘটনাৰ তদন্তৰ দাবী বিকাশৰ পৰিয়ালৰ(Teenager died of electric shock)।

লগতে পঢ়ক : Japanese Encephalitis : নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ