Local, Vocal, Global

Japanese Encephalitis : নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

নিউজ ডেস্ক,২৭জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।

নগাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । এইবাৰ নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।

JEত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন লতাবোৱা গাঁৱৰ এগৰাকী মহিলা। বুধবাৰৰ পৰা অসুস্থ হৈ আছিল মহিলাগৰাকী। তাৰ পিছতে মহিলাগৰাকী দেহত ধৰা পৰে জাপানীজ এনকেফেলাইটিছ ।

লতাবোৱা গাঁৱত নিশা পৰ্যন্ত তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ।

লগতে পঢ়ক : Sensational Incident : কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম;পৰকীয়া প্ৰেমৰ সন্দেহত স্বামীক হত্যা পত্নীৰ