Teenagers missing in Subansiri River : নদীত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

নিউজ ডেস্ক,২৭জুলাই : নদীত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ ।
শুকুৰবাৰে দিনৰ প্ৰায় ২ মান বজাত সোৱনশিৰি নদীত গা ধুবলৈ গৈছিল গোগামুখ পাচনিকেম্পৰ এজন ১৪ বছৰীয়া কিশোৰ ।
গোগামুখৰ সোৱনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হয় কিশোৰজন। সন্ধানহীন কিশোৰজন সুৰুজ নাথ বুলি জানিব পৰা গৈছে(Teenagers missing in Subansiri River) ।
ইফালে ঘটনা সন্দৰ্ভত ধেমাজি এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে । ঘটনা সন্দৰ্ভত এছ ডি আৰ এফ বাহিনীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
ইফালে কিশোৰজন সন্ধানহীন হোৱাত গাঁৱখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
লগতে পঢ়ক : Burmese supari seized : লামডিঙত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি