Drowning incident in Tinsukia : শদিয়াৰ কুণ্ডিল নদীৰ বুকুত অঘটন

নিউজ ডেস্ক,২৫জুলাই : তিনিচুকীয়া জিলাৰ শদিয়াৰ কুণ্ডিল নদীৰ বুকুত অঘটন ।
বৃহস্পতিবাৰে পুনৰ কুণ্ডিল নদীত সংঘটিত হয় আন এক অঘটন ।
ঘটনা অনুসৰি বুধবাৰে বিয়লি শদিয়াৰ পাগলাম গাঁৱৰ চাৰিজন ছাত্ৰ কুণ্ডিল নদীত ডুব গৈ নিখোজ হৈছিল ৷ তাৰ পিচতে দুজনৰ মৃতদেহ বুধবাৰে সন্ধিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুজনৰ সন্ধানত বৃহস্পতিবাৰে পুৱাৰ পৰা পুনৰ SDRFএ উদ্ধাৰ অভিযান চলাইছিল( Drowning incident in Tinsukia) ৷
উক্ত উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকা SDRF ৰ দুজন জোৱানে ব্যৱহাৰ কৰা নাওখনৰ যান্ত্ৰিক বিজুতিৰ ফলত কুণ্ডিল নদীৰ বুকুত হঠাৎ ডুব যায় ৷ কিন্তু পৰৱৰ্তী সময়ত সতীৰ্থ SDRF জোৱানৰ তৎপৰতাত দুয়োজনকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে কুশল হাজৰিকা নামৰ জোৱানজনক সংকটজনক অৱস্থাত শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ৷