Local, Vocal, Global

Ganja Seized in Gossaigaon : গোসাইগাওঁ অসম বংগ সিমান্তৰ শ্ৰীৰামপুৰ গেটত জব্দ বুজন পৰিমাণৰ গাঞ্জা

নিউজ ডেস্ক,২৫জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Ganja Seized in Gossaigaon)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

গোসাইগাওঁ আৰক্ষীৰ বৃহৎ সাফল্য। গোসাইগাওঁ অসম বংগ সিমান্তৰ শ্ৰীৰামপুৰ গেটত জব্দ বুজন পৰিমাণৰ গাঞ্জা।

জানিব পৰা মতে, বুধবাৰে মাজনিশা মহকুমা আৰক্ষী বিষয়া হিৰেন কুমাৰ ডেকাৰ নেতৃত্বত আৰু শিমলটাপু আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰত অভিযান চলাইছিল । অভিযানত ট্ৰাকৰ পৰা জব্দ কৰে ৪০২ কেজি গাঞ্জা। লগতে আৰক্ষীয়ে ট্ৰাকসহ আটক কৰে তিনি সৰবৰাহকাৰীক(Ganja Seized in Gossaigaon)।

গুৱাহাটীৰ পৰা বিহাৰ অভিমুখে গৈ আছিল বাহনখন । জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে HR 46F 4203 ।

লগতে পঢ়ক : Balajan police Raid : বালাজান আৰক্ষীৰ অভিযানত জব্দ বলেৰ’ পিকআপ বাহনত গো-মাংস