Balajan police Raid : বালাজান আৰক্ষীৰ অভিযানত জব্দ বলেৰ’ পিকআপ বাহনত গো-মাংস
ধুবুৰী,২৫জুলাই : আকৌ একশ্যন মুডত বালাজান আৰক্ষী ।
বৃহস্পতিবাৰে পুৱা বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামে এক গোপন সূত্ৰে ভিত্তিত অভিযান চলাই । অভিযানত গো মাংসসহ এখন বলেৰ’ পিকআপৰ জব্দ কৰে । লগতে আটক কৰে এজন সৰবৰাহকাৰীক(Balajan police Raid )।
জানিব পৰা মতে, AS 17C 4883 নম্বৰ বলেৰ’অ পিকআপ বাহন পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত বালাজান আৰক্ষী চকীৰ উপ আৰক্ষী আবুল হুছেইনৰ ৰখাবলৈও নিৰ্দেশ দিয়ে যদিও বাহন খন তীব্ৰ বেগেৰে যায় । যাৰ ফলত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বাহাৰুল ইছলামে পিছে পিছে খেদি যায় আৰু বাহনখনত তালাচি চলাই । তালাচিত দুশ ষোল্ল কেজি গোঁ মাংস জব্দ কৰে।
আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী জনৰ নাম ৰফিকুল ইছলাম, ঘৰ বিলাসীপাৰাৰ কাজাইকটাত বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Doctor commits suicide in Charaideo : চিকিৎসকৰ চৰম পথ;কিন্তু কিয় চিকিৎসকে বাছি ল’লে চৰম পথ?