Local, Vocal, Global

Sensational Incident : প্ৰথমে চোৰে লুটিলে সোণ-ৰূপৰ আ-অলংকাৰ, তাৰ পাছতে অচেতন মহিলাক উপৰ্যুপৰি বলাৎকাৰ

ধিং,২৫জুলাই : এক ভয় লগা ঘটনা । ৰাতি হ’লেই ধিঙবাসীৰ টোপনি নাই।
ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস । প্ৰথমে লুটপাত তাৰ পাছত ধৰ্ষণ ।

ধিঙত ধাৰাবাহিক ভাবে স্প্ৰে চোৰে চলাই আহিছে সন্ত্ৰাস। এগৰাকী অসহায় মহিলাৰ ঘৰত স্প্ৰে চোৰে লুটপাত চলাই ধৰ্ষণ কৰাৰ ঘটনাই
ধিঙবাসীক চিন্তিত কৰি তুলিছে(Sensational Incident)।

সাংবাদিকৰ প্ৰশ্ন ধিঙ আৰক্ষীয়ে কি কৰি আছে ?

স্প্ৰে চোৰ চেতনানাশক দ্ৰব্য চটিয়াই অচেতন কৰি চলাই লুটপাট। ৰাতি ধিঙৰ নামডুমডুমীয়া সত্ৰৰ গোপাল নাথ আৰু মনজিৎ মেধি নামৰ দুজন লোকৰ ঘৰত সন্ত্ৰাশ চলাই স্প্ৰে’ চোৰে। ওচৰ চুবুৰীয়াৰ লোকে খৱৰ পাই অচেতন অৱস্থাত থকা লোক কেইজনক ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰায় যদিও অৱস্থা অৱনতি হোৱাত গোপাল নাথ আৰু তেওঁৰ পত্নী নৱমী দেৱীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । স্প্ৰে’ চোৰক গেঙক লৈ এতিয়া চিন্তিত হৈ পৰিছে ধিঙৰ নামডুমডুমীয়া অঞ্চল ।

কেৱল ধিঙৰ নামডুমডুমীয়া অঞ্চলতেই নহয় শ’লগুৰিৰ বামগাঁৱৰ এগৰাকী ৬০ৰ ঊৰ্ধ্বৰ অসহায় মহিলাৰ ঘৰত স্প্ৰে চোৰৰ গেঙে লুটি নিলে সোণ-ৰূপৰ আ-অলংকাৰ। লুটপাট কৰাৰ পাছতেই ৬০ৰ ঊৰ্ধ্বৰ অসহায় মহিলা গৰাকীক উপৰ্যুপৰি বলাৎকাৰ কৰে। বৰ্তমান নগাঁও চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে মহিলাগৰাকীয়ে(Sensational Incident)।

ইতিমধ্যে ধিং আৰক্ষীয়ে স্প্ৰে চোৰৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ আটক কৰিছে। খগেন দাস আৰু চাদ্দাম হুছেইন বৰ্তমান ধিং আৰক্ষীৰ জিম্মাত ।

লগতে পঢ়ক : অসমত নীতিশ-চন্দ্ৰবাবুৰ দৰে নেতাৰ প্ৰয়োজন আছে নেকি ?