Local, Vocal, Global

Japanese Encephalitis : তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু কিশোৰীৰ

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লোক আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।

তিতাবৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । কানসাৰ নাই বিয়াগোম স্বাস্থ্য বিভাগ, তিতাবৰ প্ৰশাসনৰ ।

তিতাবৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু ১৭ বছৰীয়া কিশোৰীৰ । কিশোৰী গৰাকীৰ মৃত্যুৰ পাছতে জাঙুৰ খাই উঠিছে অঞ্চলবাসী।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : মৰিগাঁৱৰ লাহৰীপামত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ;আটক সৰবৰাহকাৰী