Local, Vocal, Global

Drugs peddler arrested along with drugs : মৰিগাঁৱৰ লাহৰীপামত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ;আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা । মৰিগাঁৱৰ লাহৰীপামত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

জানিব পৰা মতে, ৭১ টা চাবোনৰ বাকচত ৮৫০ গ্ৰাম ড্ৰাগছ জব্দ কৰে । লগতে আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰী । আটকাধীন সৰবৰাহকাৰীজন আজমত আলী বুলি জানিব পৰা গৈছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী আজমত আলীৰ ঘৰ মৈৰাবাৰীৰ লেংৰিবৰিত ।

লাহৰীপামৰ আব্দুল হাচেনৰ ঘৰত লুকুৱাই ৰাখিছিল জব্দকৃত ড্ৰাগছখিনি । আব্দুল হাচেনৰ ঘৰ লাহৰীপামত।
ডিমাপুৰ পৰা ড্ৰাগছ খিনি লাহৰীপামলৈ আনিছিল আজমত আলীয়ে । ধৃত আজমত আলীয়ে বহু দিন ধৰি লাহৰীপামত ড্ৰাগছৰ বেহা চলাই আছিল ।

লগতে পঢ়ক : Nepal plane crash : নেপালৰ কাঠমাণ্ডুত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা