Security Forces Recover 11 Country-Made Rifles In Kokrajhar Arms Bust : BTAD ত জব্দ ১১ টাকৈ হস্ত নিৰ্মিত ৰাইফল
নিউজ ডেস্ক,২৪জুলাই : বি টি এ ডিত আৰক্ষীয়ে অভিযান । মঙলবাৰে বি টি এ ডিৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই । অভিযানত মঙলবাৰে নিশা কোকৰাঝাৰৰ পৰা মাটিৰ তলত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ১১ টাকৈ হস্ত নিৰ্মিত ৰাইফল।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চোৰাংচোৱা) আৰু সেনা বাহিনীৰ তথ্যৰ ভিত্তিত এই অস্ত্ৰসমূহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ইফালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ এখন ফটোৰ সৈতে এক্সত এই বিষয়ে উল্লেখ কৰিছে( Security Forces Recover 11 Country-Made Rifles In Kokrajhar Arms Bust)।
তেওঁ উগ্ৰপন্থীৰ ক’লা দিনৰ গোপন অস্ত্ৰসমূহ উদ্ধাৰৰ বাবে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। কিন্তু পূৰ্বৰ দৰেই এই অস্ত্ৰসমূহ উদ্ধাৰৰ সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই কোকৰাঝাৰ আৰক্ষীয়ে।
লগতে পঢ়ক : Assam Police Drive Against Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ