Veteran Musician Ramen Barua missing : ৪৮ ঘণ্টা উকলিল ! সন্ধান নাই ৰমেন বৰুৱাৰ

নিউজ ডেস্ক,২৪জুলাই : ৪৮ ঘণ্টা উকলি যোৱাৰ পাছতো সন্ধান নাই ৰমেন বৰুৱাৰ । ৰমেন বৰুৱাক বিচাৰি ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত SDRFৰ অভিযান। গুৱাহাটীৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে অভিযান।
উল্লেখ্য যে, সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল বিশিষ্ট সংগীত পৰিচালকগৰাকীয়ে । তাৰ পিছৰে পৰা কোনো সন্ধান নাই বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ ।
শিল্পীগৰাকীৰ আত্মীয়-স্বজন, গুণমুগ্ধৰ লগতে গুৱাহাটী আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত তেওঁৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আবদ্ধ হৈছিল। বগা কুৰ্তা-পাইজামা পৰিহিত অৱস্থাৰে গহীন-গম্ভীৰ খোজেৰে তেওঁ যি দিশে আগবাঢ়ি গৈছিল সেই দিশে আছে ব্ৰহ্মপুত্ৰ(
Veteran Musician Ramen Barua missing)।
লক্ষ্যণীয়ভাৱে আৰক্ষীয়ে তেওঁৰ মোবাইল ট্ৰেক কৰি ব্ৰহ্মপুত্ৰৰ পাৰতেই অন্তিম লোকেচন ধৰা পেলাইছিল। সেয়ে নদীৰ পাৰত তেওঁৰ সন্ধান চলাই আৰক্ষীয়ে এযোৰ চেণ্ডেলৰ চিনো বিচাৰি পাইছে। আজি পুৱাৰে পৰা সেই স্থানতে এছ ডি আৰ এফৰ ডুবাৰু বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।