Local, Vocal, Global

Batadrava usury case : ৰাজ্যত অব্য়াহত আছে সুদখোৰ অভিযান

নিউজ ডেস্ক,২৪জুলাই : পুনৰ ৰাজ্যত সুদখোৰৰ অতপালি । এফালে সুদখোৰৰ বিৰুদ্ধে কঠোৰ চৰকাৰ-প্ৰশাসন। আনফালে ৰাজ্যত চলিয়েই আছে একাংশ সুদখোৰৰ দৌৰাত্ম্য। পুনৰ আৰক্ষীৰ জালত সুদখোৰ(Batadrava usury case)।

পুনৰ অসম আৰক্ষীৰ অভিযান চলাই সুদখোৰৰ বিৰুদ্ধে । অভিযানত বটদ্ৰৱা আৰক্ষীৰ জালত সুদখোৰ ফনি মণ্ডল।

জানিব পৰা মতে, এগৰাকী মহিলাক সুদত টকা দি সোণৰ আ-অলংকাৰ জব্দ কৰি ৰাখিছিল ফনি মণ্ডলে।

ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰে । মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিতে বটদ্ৰৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ফনী মণ্ডলক ।

লগতে আৰক্ষীৰ অভিযানত সুদখোৰ ফনী মণ্ডলৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সোণৰ আ-অলংকাৰ ।

লগতে পঢ়ক :Supreme Court rejects plea for re-examination : NEET-UGক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়;পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা