Supreme Court rejects plea for re-examination : NEET-UGক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়;পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা

নিউজ ডেস্ক,২৩জুলাই : পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা। NEET-UGক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে বিশেষ ৰায়। NEET-UG পৰীক্ষাক লৈ হোৱা গোচৰৰ শুনানিত এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। NEET-UG 2024 পৰীক্ষা বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কৈছে যে পৰীক্ষা বাতিল কৰাৰ দাবী ন্যায়সংগত নহয়(Supreme Court rejects plea for re-examination)।
ভাৰতৰ উচ্চতম ন্যায়ালয়ে NEET-UGৰ পুনৰ পৰীক্ষা বাতিল কৰাৰ বাবে কৰা আৱেদন নাকচ কৰি কয় যে ‘‘ৰেকৰ্ডত থকা তথ্যবোৰ প্ৰশ্নকাকত লীকৰ পৰিচায়ক নহয় যিয়ে পৰীক্ষাৰ পৱিত্ৰতা ব্যাহত হোৱাৰ ইংগিত দিব।
লগতে ৰায়টো ঘোষণা কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, বৰ্তমান পৰ্যায়ত পৰীক্ষাৰ ফলাফল বিকৃত হোৱা বা পৰীক্ষা অনুষ্ঠিত হোৱাত প্ৰণালীবদ্ধ উলংঘন হোৱা দেখুৱাবলৈ ৰেকৰ্ডত তথ্যৰ অভাৱ।’’
চিবিআইয়ে উচ্চতম ন্যায়ালয়ক কৈছিল যে পৰীক্ষাৰ দিনা ৫ মে’ত পেপাৰ লীক হৈছিল। নিৰ্দিষ্ট পেপাৰখন হাজাৰিবাগত লীক কৰা হৈছিল আৰু পাটনালৈ প্ৰেৰণ কৰা হৈছিল বুলি তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰে।(Supreme Court rejects pleas seeking re-NEET and cancellation of exam results)।
লগতে পঢ়ক : Dacoit arrested with pistol : ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ এটা ডকাইত