Local, Vocal, Global

Veteran Musician Ramen Barua missing : বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন

নিউজ ডেস্ক,২৩জুলাই : বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন ৷ সোমবাৰৰ পৰা সন্ধানহীন সংগীত পৰিচালক গৰাকী(Veteran Musician Ramen Barua missing)।

সোমবাৰে পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা গণেশ মন্দিৰলৈ গৈছিল ৰমেন বৰুৱা। কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানো সন্ধান নাই শিল্পীগৰাকীৰ।

ঘৰলৈ ওভতি নোযোৱাত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত লতাশিল আৰক্ষীক জনায় । ইফালে শিল্পীগৰাকীৰ ম’বাইল চুইছ অফ হৈ আছে বুলি জানিব পৰা গৈছে।

শেহতীয়া এক খবৰ অনুসৰি, গণেশ মন্দিৰৰ পিছফালে থকাৰ আৰক্ষীয়ে এক তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে এই বিষয়ে একো জনোৱা নাই সংবাদ মাধ্যমক। আনহাতে, পৰিয়ালৰ লোকেও বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই(Veteran Musician Ramen Barua missing since monday morning)।

সামজিক মাধ্যমত এটা পোষ্টত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাই লিখে – “দেউতা ক’ত গুচি গ’লা অ’ তুমি, ৰাতিপুৱাৰ পৰা ফোন কৰি আছো। ফোনটো ছুইটচ অফ কৰি থৈছা, আহাচোন ঘূৰি, মই কাৰ লগত থাকিম বাৰু, কোনোবাই যদি দেউতাক দেখা পাই ৮৪০৪০৩৮১৩৫, ৯৩৯৪৯৩৮৬২০ এই নম্বৰকেইটাত ফোন কৰি জনাব।”

লগতে পঢ়ক : Road Accident in Jonai : যাত্ৰীবাহী অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ