Local, Vocal, Global

Japanese Encephalitis : নগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্য়ু এগৰাকী মহিলা

নিউজ ডেস্ক,২২জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাটো জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ ৷ জিলাখনৰ পুৰণিগুদামৰ গণকাআটী-হাতীগাৱঁৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত । এই ৰোগত আক্ৰান্ত হৈ মহিলাগৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।

ইয়াৰ পিচতেই চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে ততাতৈয়াকৈ গাঁওখনত উপস্থিত হৈ আক্ৰান্ত মহিলাগৰাকীৰ প্ৰতিবেশীসকলৰ ঘৰে-ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰে ।

তদুপৰি এই গাঁওখনত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে । লগতে ইয়াৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ প্ৰয়াসো অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগ । এই ৰোগবিধক লৈ এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : সৰুপথাৰত জব্দ ৪ কোটি টকাৰ ড্ৰাগছ