Drugs peddler arrested along with drugs : বোকাজানত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট; গ্ৰেপ্তাৰ দুই সৰবাৰকাৰী
নিউজ ডেস্ক,২২জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজানত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
বোকাজান মহকুমাৰ ডিলাইত আৰক্ষীৰ অভিযান । অভিযানত জব্দ হয় বৃহৎ পৰিমানৰ বিদেশী চিগাৰেট।
জানিব পৰা মতে,মণিপুৰৰ পৰা অহা UP 38 T 2354 নম্বৰৰ ট্ৰাকখনৰ গোপন কক্ষত লুকুৱাই আনিছিল বিদেশী চিগাৰেটখিনি। সেইসময়তে মণিপুৰৰ পৰা গুৱাহাটী নিয়াৰ পথত ডিলাইত আৰক্ষীয়ে ২৮কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰে ।ব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য অনুমানিক প্ৰায় ১০ লাখ টকা। লগতে চিগাৰেট সহ গ্ৰেপ্তাৰ কৰে দুজন সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী দুজন মহম্মদ জাবেদ আৰু আনজন হ’ল স্বয়েব বুলি চিনাক্ত কৰিছে ।সৰবৰাহকাৰী দুজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Nipah Virus Outbreak In Kerala : কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু এটি ১৪বছৰীয়া কিশোৰৰ