Shooting forest department in Bokajan : চোৰাং কাঠ সৰবৰাহকাৰীৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক,২১জুলাই : চোৰাং কাঠ সৰবৰাহকাৰীৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।শনিবাৰে নিশা বোকাজানৰ চাফাপানীত সংঘটি হৈছে এই গুলিচালনাৰ ঘটনা।
জানিব পৰা মতে, চোৰাং কাঠ সৰবৰাহৰ খবৰৰ ভিত্তিত বৰপথাৰ থানাৰ অন্তৰ্গত চাফাপানীত বন বিভাগে এক অভিযান চলাইছিল । অভিযানত চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৱে বন বিভাগৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰে। সেই সময়তে শূন্যলৈ গুলীচালনা কৰে বন বিভাগে। গুলীৰ শব্দ শুনাৰ পিছতেই গাঁৱৰ ৰাইজৰ ৰোষত পৰে বন বিভাগৰ দলটো(Shooting forest department in Bokajan)।
ইফালে গাঁৱৰ ৰাইজৰ সৈতে চাফাপানি গাঁৱৰ ৰাইজৰ হতাহতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে । বীট অফিচাৰ মনালিছা বৰাৰ বিৰুদ্ধে গাঁৱৰ এগৰাকী মহিলাক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ তুলিছে ।
ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্মই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।
লগতে পঢ়ক : Two teenagers died by drowning : পানীত পৰি মৃত্যু দুই কিশোৰৰ