Local, Vocal, Global

Charaideo Maidam : বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ দিশে চৰাইদেউৰ মৈদাম ক্ষেত্ৰ

নিউজ ডেস্ক,২১জুলাই : বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ দিশে চৰাইদেউৰ মৈদাম ক্ষেত্ৰ।আজিৰে পৰা দিল্লীত ইউনেস্ক’ৰ ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন(Charaideo Maidam) ।

আজি সন্ধিয়া অধিৱেশন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সভা ২১ জুলাইৰ পৰা ৩১ জুলাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব । ভাৰত আয়োজক দেশ হিচাপে থকা এই গুৰুত্বপূৰ্ণ সভাত ১৯৫খন দেশৰ দুহেজাৰতকৈও অধিক ঐতিহ্য সমল বিশেষজ্ঞই অংশগ্ৰহণ কৰিব ।

দেওবাৰে হ’বলগীয়া এই সভাত অসমৰ চৰাইদেউ মৈদাম ক্ষেত্রক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্রৰ তালিকাত স্থান প্ৰদানৰ বিষয়টিয়েও আলোচনাত বিবেচনাৰ সম্ভাৱনা আছে (Charaideo Maidam to Bag UNESCO World Heritage Site Tag) ।

কাইলৈ নতুন দিল্লীত অনুষ্ঠিতব্য বিশ্ব সংস্থাটোৰ এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়ায়ো অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : Two teenagers missing in Doyang river : বৰ্তমানেও দৈয়াং নদীত সন্ধানহীন দুই কিশোৰক বিচাৰি উদ্ধাৰ অভিযান অব্য়াহত ৰাখিছে