Minor girl died by drowning in pond : ককবকাই বচাবলৈ গৈ বায়েকৰ মৃত্যু

নিউজ ডেস্ক,২০জুলাই : ভনীয়েকক বচাবলৈ গৈ বায়েকৰ সলীল সমাধি(Minor girl died by drowning in pond) ।
শিলচৰ বেৰেংগাত সংঘটিত হৈছ শোকাৱহ দুৰ্ঘটনা ।পানীত পৰি ককবকাই থকা ১০ বছৰীয়া ভনীয়েকক বচাবলৈ গৈ মৃত্যু হ’ল ১২ বছৰীয়া বায়েকৰ ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি ইছলাম উদ্দিনৰ দুই কন্যাই ঘৰৰ কাষতে থকা এটা পুখুৰীৰ পাৰত গা ধুই আছিল ৷ তেনেতে হঠাৎ ইছলামৰ সৰু জীয়েক পিচলি পানীত পৰি যায় ৷ চকুৰ সন্মুখতে সৰু ভনীয়েকে পৰি যোৱা দেখি বিশেষ একো ভাবি-চিন্তি নাথাকি পুখুৰীত জাপ দিয়ে ইছলামৰ ডাঙৰ জীয়েকে(Minor girl died by drowning in pond in cachar) ৷
পৰৱৰ্তী সময়ত স্থানীয় এজন লোকে পানীৰ পৰা দুই বায়েক-ভনীয়েকক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ লৈ যায় ৷ কিন্তু মেডিকেল কলেজলৈ নিয়াৰ কিছু সময় পাচত ইছলাম উদ্দিনৰ ডাঙৰ জীয়েকৰ মৃত্যু হয় ।