Local, Vocal, Global

Monsoon session of Assan Assembly will start from 22 august : ২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

নিউজ ডেস্ক,২০জুলাই : ঘোষণা হ’ল অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন দিন৷ ২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন ৷

অসম বিধানসভাৰ সচিব দুলাল পেগুৱে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ নিৰ্দেশ মৰ্মে জাৰি কৰিলে জাননী ৷

২২ আগষ্ট বৃহস্পতিবাৰে পুৱা ৯.৩০ মিনিটত সদনৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনাৰ কাম-কাজ আৰম্ভ হ’ব(Monsoon session of Assan Assembly will start from 22 august) ৷

এই অধিৱেশনত ২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰিব।

উল্লেখযোগ্য যে, এই অধিৱেশনকালত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশোধনী বিধেয়কখনকে ধৰি মুঠ ছখন নতুন বিধেয়ক উত্থাপন কৰিব। বাজেট উত্থাপনৰ লগতে ১৯৩৪ চনৰ বিমান আইনৰ পৰিৱৰ্তে নতুন ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ য়ো উত্থাপন কৰা হ’ব।

এই অধিৱেশন কেইদিন ধৰি চলিব অৱশ্যে বিধানসভাৰ কাৰ্য নিৰ্ধাৰণ সমিতিয়ে পৰৱৰ্তী সময়তহে নিৰ্ধাৰণ কৰিব ৷

লগতে পঢ়ক : Drug smugglers arrested in kamrup : কামৰূপত ড্ৰাগছসহ আটক সৰবৰাহকাৰী