Bangladesh violence : বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদতে লৈছে ভয়ংকৰ ৰূপ;এই পৰ্যন্ত মৃত্যু ১০৫জনৰ

নিউজ ডেস্ক,২০জুলাই : আজিও উত্তপ্ত বাংলাদেশ। বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদতে লৈছে ভয়ংকৰ ৰূপ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অসহায় বাংলাদেশ চৰকাৰ।
দেশখনত সংৰক্ষণ বিৰোধী আন্দোলনে লোৱা ভয়ংকৰ ৰূপৰ ধাৰণ কৰাৰ বাবে শুকুৰবাৰে চুয়াডাংগাৰ দৰ্শনা তালাচী চকী হৈ দেশলৈ উভতিল বহু ভাৰতীয় শিক্ষার্থী।শুকুৰবাৰে দিনটোত দেশখনৰ পৰা ৭০ জন ভাৰতীয় শিক্ষার্থী ভাৰতত উপস্থিত হয়(Attacks on Bangladesh student protesters)।
উল্লেখ্য যে চৰকাৰী চাকৰিত মুক্তি যোদ্ধাৰ সংৰক্ষিত পদ বাতিলৰ দাবীত আন্দোলনকাৰী ছাত্ৰৰ সৈতে আৰক্ষীৰ প্ৰচণ্ড সংঘৰ্ষৰ সূত্রপাত হৈছিল। হিংসাত্মক প্ৰতিবাদত এই পৰ্যন্ত ১০৫জনৰ মৃত্যু হৈছে।
। আনহাতে আহত হৈছে কমেও ১,৫০০ জন লোক ।পৰিস্থিতি ইমানে জটিল হৈ পৰিছে যে, দেশখনত অনির্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে দেশৰ সকলো শিক্ষানুষ্ঠান। বন্ধ কৰি দিয়া হৈছে ম’বাইল, ইণ্টাৰনেট সেৱা। ইপিনে ম’বাইল, ইণ্টাৰনেট বন্ধৰ প্রতিবাদত আন্দোলনকাৰীৰ একাংশই আন এক প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে(Bangladesh violence)।
বাংলাদেশৰ ডাক, টেলি-যোগাযোগ আৰু তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী জুনায়েদ আহমেদ পলে সদৰী কৰা অনুসৰি , মানুহৰ মাজলৈ ভুল বার্তা গৈ পৰিস্থিতি যাতে অধিক উত্তপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেবা। ইপিনে দেশখনত ৰে’ল চলাচল বন্ধ কৰি দিছে ৰে’ল কর্তৃপক্ষই।