Local, Vocal, Global

Young man goes Missing : ১৪ জুলাই পৰা নিৰুদ্দেশ চৰাইদেউৰ এজন যুৱক

নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।

চৰাইদেউত সন্ধানহীন যুৱক । ১৪ জুলাই পৰা চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰমথুৰাপুৰ গাঁৱৰ এজন যুৱক সন্ধানহীন হৈ আছে ।

জানিব পৰা মতে,সন্ধানহীন যুৱজন গাঁৱখনৰ নিবাসী ডিম্বেশ্বৰ দুৱৰা আৰু ৰূপালী দুৱৰাৰ জ্যেষ্ঠ পুত্ৰ চুমচুম দুৱাৰাই (২৮) যোৱা ১৪ জুলাইত নিজা বাসগৃহ পৰা সোনাৰিলৈ কাম কৰিবলৈ বুলি ওলাই গৈছিল ৷ ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত যুৱকজন নিজ কৰ্তব্যস্থলী সোনাৰিৰ পৰা সন্ধিয়া ঘৰলৈ আহি থকা অৱস্থাত সন্ধানহীন হৈ পৰে ৷ পিছত পৰিয়াল বৰ্গই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই(Young man goes Missing ) ৷

বৃহস্পতিবাৰে পৰিয়াল বৰ্গই উপায়ন্তৰ হৈ মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷কোনো সদায়শয় লোকে সন্ধানহীন যুৱকজনৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী নতুবা 88914 12067 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Terrible Train Accident in Uttar Pradesh : উত্তৰ প্ৰদেশৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; মুকলি হেল্প লাইন নম্বৰ