Local, Vocal, Global

Indian Navy warship INS Teg leads rescue mission off Oman coast : ওমান উপকূলত ভাৰতীয় নৌসেনাৰ অনুসন্ধান অব্যাহত

নিউজ ডেস্ক,১৮জুলাই : ১৫ জুলাইত ওমান উপকূলত দুৰ্ঘটনা সংঘটিত হোৱা তেল পৰিবাহী জাহাজখনৰ কৰ্মচাৰীসকলৰ উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আইএনএছ টেগে। বৰ্তমানলৈকে দুৰ্ঘটনা সংঘটিত হোৱা জাহাজখনৰ পৰা আঠজন ভাৰতীয় নাগৰিক আৰু এজন শ্ৰীলংকাৰ নাগৰিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বাকী সন্ধানহীন কৰ্মচাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ভাৰতীয় নৌসেনাই(Indian Navy Warship INS Teg leads search, rescue mission off Oman coast) ।

উল্লেখ্য যে , ১৫জুলাইত সংঘটি হোৱা দুৰ্ঘটনাৰ পিছতে উদ্ধাৰৰ অভিযান আৰম্ভ কৰা হয় । আনহাতে, আই এন এছ টেগে বাকী কৰ্মচাৰীসকলক বিচাৰি উলিওৱা তথা সহায়ৰ বাবে উন্নত সঁজুলি তথা উচ্চ প্ৰশিক্ষিত কৰ্মচাৰী নিয়োগ কৰিছে । নৌসেনাই স্থানীয় ওমান কৰ্তৃপক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাসমূহৰ সৈতে অনুসন্ধানৰ প্ৰচেষ্টা খৰতকীয়া কৰিবলৈ সমন্বয় ৰক্ষা কৰি আছে । এই অনুসন্ধান তথা উদ্ধাৰ অভিযানক অতি উচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে । যদি আন কোনো লোক বাচি আছে তেন্তে তেওঁলোকক বিচাৰি উলিওৱা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ভাৰতীয় নৌসেনাই জনোৱা অনুসৰি, “অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সময়ত এম ভি ফেলকন প্ৰেষ্টিজৰ (৮ জন ভাৰতীয় আৰু ১ জন শ্ৰীলংকান) ৯ জন কৰ্মচাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । বাকী কৰ্মচাৰীসকলক বিচাৰি উলিওৱাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অঞ্চলটোত অব্যাহত থাকিব ।” । উল্লেখ্য যে এই এম ভিখন ১৫ জুলাইত ওমানৰ ৰাছ মাদ্ৰাকাহৰ পৰা প্ৰায় ২৫ নটিকেল মাইল দক্ষিণ-পূবত ডুব গৈছিল আৰু ওমান কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টা ১৬ জুলাইৰ পৰা চলি আছে ।

এম ভিখনত মুঠ ১৬ জন ক্ৰু সদস্য আছিল বুলি জানিব পৰা গৈছে । ইয়াৰে ভিতৰত ১৩ জন ভাৰতীয় আৰু তিনিজন শ্ৰীলংকান । প্ৰত্যাহ্বানপূৰ্ণ বতৰৰ পৰিস্থিতিত ভাৰত আৰু ওমানৰ পৰ্যাপ্ত সৰঞ্জামেৰে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে । কিয়নো এই অঞ্চলটোত উদ্ধাৰকাৰীসকলে খহটা সাগৰ আৰু তীব্ৰ বতাহ অনুভৱ কৰি আছে । ভাৰতীয় নৌসেনাই কয় যে ভাৰতীয় নৌসেনাৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক পুনৰীক্ষণ বিমান পি৮আয়েও জীৱিতসকলৰ সন্ধানত সহায় কৰি আছে ।

আনহাতে, ওমানৰ ভাৰতীয় দূতাবাসে কৈছে যে তেওঁলোকে ওমান কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগত আছে । উদ্ধাৰ প্ৰচেষ্টাৰ শেহতীয়া তথ্য প্ৰদান কৰি ওমানৰ ভাৰতীয় দূতাবাসে এক্সত পোষ্ট কৰিছে, “দূতাবাসে ওমানী কৰ্তৃপক্ষ আৰু ভাৰতীয় নৌসেনাৰ সৈতে এম টি প্ৰেষ্টিজ ফেলকনৰ বাবে এছ এ আৰ অভিযানৰ সমন্বয় কৰি আছে । আই এন এছ টেগৰ দ্বাৰা আজি ৮ জন ভাৰতীয়সহ ৯ জন কৰ্মচাৰীক উদ্ধাৰ কৰা হৈছে । বাকী থকা লোকসকলৰ সন্ধান অব্যাহত আছে(Indian Navy warship INS Teg leads rescue mission off Oman coast) ।”

১৫ জুলাইত ওমান উপকূলত ডুব যোৱা তেল টেংকাৰ প্ৰেষ্টিজ ফেলকনৰ নজন কৰ্মচাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । আনহাতে, উদ্ধাৰ অভিযানৰ সময়ত এজন ক্ৰু সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে । বুধবাৰে ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই কয় ।

লগতে পঢ়ক : Japanese Encephalitis : ডিব্ৰুগড়ত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ