Japanese Encephalitis : ডিব্ৰুগড়ত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ
নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে ।
ডিব্ৰুগড় জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানপীড়িত ৰাইজ এতিয়া এনে ধৰণৰ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে । জটিল ৰোগৰ প্ৰাদুৰ্ভাৱত জিলাখনৰ বিভিন্ন ঠাইত জীৱ-জন্তুৰ মৃত্যু হোৱাৰ পিচত এইবাৰ মৰাণত জাপানীজ এনকেফেলাইটিছত এগৰাকী বৃদ্ধা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে(Japanese Encephalitis) ।
আক্ৰান্ত বৃদ্ধাগৰাকী মৰাণৰ ১ নং তিলৈজান গাঁৱৰ ৭৬ বছৰীয়া গণিতা হাজৰিকা বুলি জানিব পৰা গৈছে । বৃদ্ধাগৰাকী সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ইতিমধ্যে আক্ৰান্ত বৃদ্ধাগৰাকীৰ গাঁওখনত বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে ।