Local, Vocal, Global

Japanese Encephalitis : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ

নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী ।

এইবাৰ এই ৰোগত আক্ৰান্তৰ অধিকাংশই শিশু আৰু কিশোৰ, কিশোৰী।

খবৰ অনুসৰি, ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে ২২জন ৰোগী। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যৰ ৫জনলোক মৃত্যুমুখত পৰিছে।। আনহাতে, ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২জন লোক(Japanese Encephalitis)।

ইফালে বুধবাৰে জাপানীজ এনকেফেলাইটিছত গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাকেশ ৰাগ নামৰ এজন যুৱকৰ মৃত্যু ঘটে। কৰ্ম সূত্ৰে নুমলীগড়ত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকজনে কিছু দিনৰ পুৰ্বৰ পৰাই তীব্ৰ জ্বৰ আৰু মুৰৰ বিষত আক্ৰান্ত হৈ আছিল।

ইয়াৰোপৰি জাপানীজ এনকেফেলাটিছত আক্ৰান্ত হৈ ৰহাৰ আমচৈৰ মাধুৰ্য কোঁৱৰ নামৰ এজন ১৩ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। আঠ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে মৃত্যু হয় মাধুৰ্যৰ।

লগতে পঢ়ক : Padmashri Hemoprabha Chutia admitted in to Hospital : অসম গৌৰৱ তথা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া হঠাৎ অসুস্থ