Nagaon woman kidnapped by miscreants of Rajasthan : ৰাজস্থানৰ কুখ্যাত অপৰাধীৰ নগাঁৱৰ মহিলাক অপহৰণ

নিউজ ডেস্ক,১৭জুলাই : মহিলাক অপহৰণ কৰি মুক্তিপণ হিচাপে দাবী কৰিলে ১২ লাখ টকা ।
ৰাজস্থানৰ কুখ্যাত অপৰাধীয়ে অপহৰণ কৰিলে নগাঁৱৰ এগৰাকী মহিলাক। মহিলা গৰাকীক অপহৰণ কৰি মুক্তিপণ হিচাপে দাবী কৰিলে ১২ লাখ টকা।
উল্লেখ্য যে, যোৱা ২৫ জুনত সংঘটিত হৈছে এক অপহৰণকাণ্ডৰ ঘটনা। নগাঁৱৰ চাপৰমুখ চিউমাৰী গাঁৱৰ ৰাজিয়া খাতুন নামৰ এগৰাকী মহিলাক ৰাজস্থানৰ এটা অপৰাধীৰ দলে অপহৰণ কৰিছিল । ২৫ জুনত ৰাজিয়াই চিকিৎসাৰ বাবে চাপৰমুখৰ পৰা নগাঁৱলৈ আহিছিল মহিলাগৰাকী। কিন্তু আদবাটতে মাজাৰুলে ৰাজিয়াক ফুচুলাই ৰাজস্থানৰ অপহৰণকাৰীৰ দলক গতাই দিয়ে। ইয়াৰ পিছৰে পৰা ৰাজিয়া সন্ধানহীন হৈ পৰে(Nagaon woman kidnapped by miscreants of Rajasthan)।
২৮ জুনত ৰাজিয়াৰ পৰিয়াললৈ ৰাজস্থানৰ অপহৰণকাৰীয়ে ফোন কৰি ৰাজিয়াৰ মুক্তিৰ বিনিময়ত ১২লাখ টকা দাবী কৰে। অপহৰণকাৰীৰ ফোন ৰেকৰ্ডিং ইতিমধ্যে আৰক্ষীক জমা দিছে ৰাজিয়াৰ পৰিয়ালে।
আনহাতে অপহৃত ৰাজিয়াই পৰিয়ালৰ সৈতে ফোনযোগে এই সমগ্ৰ কুকাৰ্যৰ অন্তৰালত মাজাৰুল জড়িত বুলি অৱগত কৰিছে লগতে তেওঁক উদ্ধাৰ কৰাৰ বাবেও আহ্বান জনাইছে। নগাঁও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে বিষয়টো সন্দৰ্ভত তদন্ত চলাইছে।
লগতে পঢ়ক : Narcotic substance seized from Gohpur : গাঞ্জাসহ গ্ৰেপ্তাৰ জলজীৱন মিছনৰ নিৰ্মাণ কাৰ্যত জড়িত ৪জনকৈ মিস্ত্ৰীক