Local, Vocal, Global

Golaghat AASU hold protest : গোলাঘাট জিলাত গোলাঘাট আছুৰ প্ৰতিবাদী কাৰ্যসূচী

নিউজ ডেস্ক,১৬জুলাই : আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো গোলাঘাট আছুৰ প্ৰতিবাদী কাৰ্যসূচী । মঙলবাৰে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত গৃহ বিভাগে প্ৰেৰণ কৰা অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি গোলাঘাট আছু সোচ্ছাৰ হ’ল চৰকাৰৰ বিৰুদ্ধে(Golaghat AASU hold protest) ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে অংশগ্ৰহণ কৰি কয়, “ৰাজ্য চৰকাৰে বৃহত্তৰ অসমীয়া জাতি ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ অনাগত দিনত এই আইনৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷”

উল্লেখ্য যে, ৰাজ্য চৰকাৰে সোমবাৰে এক নিৰ্দেশযোগে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত অসমত অবৈধভাবে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা প্ৰৱেশ কৰা হিন্দু, জৈন, পাৰ্চী, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণ আদালতত গোচৰ দি হাৰাশাস্তি নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক : Burmese Supari Seized in Guwahati : গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণ বাৰ্মিজ চুপাৰি