সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট যুৱকৰ
ধুবুৰী,১৬জুলাই : ধুবুৰীৰ গৌৰীপুৰৰ এজন যুৱক । নাম ধীৰাজ ৰায় ধুবুৰীৰ গৌৰীপুৰৰ ছুপাৰ মাৰ্কেটৰ ধীৰাজ ৰায় নামৰ যুৱকজনে সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট কৰে ।ইমানেই লেতেৰা ভাষাৰে পোষ্টটো লিখিছে যি আমি পঢ়িব নোৱাৰো।আপোনালোকেই নিজেই এবাৰ চাই লওক।
পোষ্টটো আপলোড কৰিয়ে তলত লিখি দিছে জয় শ্ৰীৰাম বুলি।আল্লাহক লৈ অশ্লীল পোষ্ট কৰাৰ পাছতেই গৌৰীপুৰত চাঞ্চল্যৰ সৃষ্ঠি হৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে সচেতন মহলে। এজাহাৰ দাখিল কৰাৰ পাছতেই পলম নকৰি ধীৰাজ ৰায় নামৰ এইজন যুৱকক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।ইতিমধ্যে যুৱকজনৰ ওপৰত জেৰা চলাইছে গৌৰীপুৰ আৰক্ষীয়ে।
লগতে পঢ়ক : poor conditions of roads : কাহানিও সাংসদ বিধায়কক দেখা নোপোৱা এখন গাঁও