Tragic Road Accident in Noida : বিয়াৰ পৰা ওভতনিৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত ৩জন,আহত ৯জন
নেশ্যনেল ডেস্ক,১৬জুলাই : বিয়া খাবলৈ যোৱাই হ’ল কাল । বিয়াৰ পৰা ওভতনিৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা । ৰাজপথৰ ওপৰতে উফৰি পৰিল যাত্ৰীবাহী বাহন ।
মঙলবাৰে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । মঙলবাৰে পুৱতি নিশাই গ্ৰেটাৰ নয়ডাত এখন ব’লেৰ’ পিকআপ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ৷ তেনেতে পিকআপ ভানখনত পিছে পিছে আহি থকা আন এখন যাত্ৰীবাহী বাহনে খুন্দা মাৰে ৷ যাত্ৰীবাহী বাহনখন বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ গৈ আছিল । এই সংঘৰ্ষত মুঠ ১২ জন লোক গুৰুতৰভাৱে আহত হয়(Tragic Road Accident in Noida) ৷
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়আৰু আহত আটাইকেইজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়(Three killed, several injured as car collides with pick-up truck) ৷
অৱশ্যে আহত লোককেইজনৰ তিনিজন লোকৰ চিকিৎসাৰ সময়তে মৃত্যু হয় ৷ মৃত তিনিও লোক অসমৰ বুলি জানিব পৰা গৈছে ৷ মৃত তিনিও যুৱকৰ নাম ক্ৰমে- আব্দুল ৰফীক (৩৫), মফিদুল (৩২) আৰু চুলতান ৷ জানিব পৰা মতে, আহত আন ৯ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে ।
তথ্য অনুসৰি, দুয়োখন বাহনত অহা যাত্ৰীসকলে বিয়া খাই ওড়িশা অভিমুখে ওভতাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ মঙলবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হৈছে এই ঘটনাটো ৷
আৰক্ষীয়ে জনোৱা মতে, দুয়োখন বাহনত থকা লোকসকল ইজনে সিজনৰ চিনাকি আছিল । চিকিৎসালয়ত ভৰ্তি হোৱা ৯ জন লোকৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক দিল্লীৰ ছফদৰগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । ঘটনাস্থলীত উপস্থিত আছে আহতসকলৰ আত্মীয়ও ।
লগতে পঢ়ক : Tiger terror at Dhing : ধিঙত বাঘৰ আক্ৰমণ বনকৰ্মীক