Moral Policing Incident : গোৰেশ্বৰৰ মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক
গোৰেশ্বৰ,১৬জুলাই : গোৰেশ্বৰৰ বাঙালীপাৰাত সংঘটিত মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক ।
সোমবাৰে নিশা গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰে লোককেইজনক ।আটকাধীন লোকেকইজন খন্তোষ খতিওৰা,মিলন খতিওৰা আৰু দীপেন্দ্ৰ লামিচানেক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে,যোৱা ৫ জুলাইত গোৰেশ্বৰৰ বাঙালীপাৰাত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা। ধৰ্মেন্দ্ৰ বৈশ্য নামৰ এজন লোকক নিৰ্মম প্ৰহাৰ কৰিছিল একাংশ লোকে । চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ধৰ্মেন্দ্ৰ বৈশ্যক। শহুৰেকৰ ঘৰলৈ গৈ আক্ৰমণৰ বলি হৈছিল ধৰ্মেন্দ্ৰ বৈশ্য। পত্নীৰ ভাতৃয়ে আন দুই যুৱকৰে মিলি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত শুৱাগপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ধৰ্মেন্দ্ৰ বৈশ্যই।এজাহাৰৰ ভিত্তিতে আজি আৰক্ষীয়ে আটক কৰে তিনি অভিযুক্তক(Moral Policing Incident)।
লগতে পঢ়ক : 13 doctors of resign from JMCH : যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসকৰ পদত্যাগ