Local, Vocal, Global

13 doctors of resign from JMCH : যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসকৰ পদত্যাগ

নিউজ ডেস্ক,১৬জুলাই : যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ পদত্যাগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসকৰ পদত্যাগ ।

চিকিৎসক, নাৰ্ছৰ অভাৱ ঘটিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২৩১টা চিকিৎসকৰ পদ আছে যদিও বৰ্তমান ৬৫টা চিকিৎসকৰ পদ খালী হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত। আনহাতে JMCHত আজিৰ তাৰিখত ১০৭গৰাকী ষ্টাফ নাৰ্ছৰ পদ খালী হৈ আছে(13 doctors of resign from JMCH)।

উল্লেখ্য যে, JMCHত বৰ্তমান ৩৭টা পঞ্জীয়ক পদ, ৫টা অধ্যাপক, ৫টা সহযোগী অধ্যাপক আৰু ৬টা সহকাৰী অধ্যাপকৰ পদ খালী হৈ আছে। আনহাতে ইতিমধ্যে চাকৰিৰ পৰা পদত্যাগ কৰা ১২জন চিকিৎসকৰ পদো খালী হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত।

জানিব পৰা মতে, জেএমচিএইচত স্ত্ৰীৰোগ বিভাগত এটা অধ্যাপক, এটা সহকাৰী অধ্যাপক আৰু এটা পঞ্জীয়কৰ পদ খালী হৈ আছে। ৰেডিঅ’লজী বিভাগত এটা সহকাৰী অধ্যাপক আৰু দুটা পঞ্জীয়কৰ পদ খালী হৈ আছে।

মেডিচিন বিভাগত এটা সহযোগী অধ্যাপক আৰু ৩টা পঞ্জীয়কৰ পদকে ধৰি মুঠ চাৰিজন চিকিৎসকৰ পদ খালী হৈ আছে। পালমোনেৰি মেডিচিন বিভাগত ৫জন চিকিৎসকৰ চাৰিটা পদেই খালী হৈ আছে। ছাৰ্জাৰী বিভাগত দুটা সহকাৰী অধ্যাপকৰ পদ খালী হৈ আছে। অস্থিৰোগ বিভাগত ৩টা পঞ্জীয়কৰ পদ খালী হৈ আছে।

অতি গুৰুত্বপূৰ্ণ বিভাগৰূপে বিবেচিত এনাস্থেছিয়া বিভাগত ৩টা সহকাৰী অধ্যাপক আৰু ২টা পঞ্জীয়কৰ পদকে ধৰি মুঠ ৫জন চিকিৎসকৰ পদ খালী হৈ আছে। বৰ্তমান বহু পৰিমাণে কামৰ হেঁচা বৃদ্ধি পোৱা ফৰেনছিক বিভাগত ৩টা পঞ্জীয়কৰ পদ খালী হৈ আছে। মাইক্ৰ’বায়’লজী বিভাগত দুটা ডেমনষ্ট্ৰেটৰ পদ খালী হৈ আছে। বায়’কেমেষ্ট্ৰি বিভাগত এটা সহকাৰী অধ্যাপক আৰু ৪টা পঞ্জীয়কৰ পদকে ধৰি মুঠ ৫জন চিকিৎসকৰ পদ খালী হৈ আছে।

একেদৰে এনাটমি , ফিজিঅ’লজী আৰু ফাৰ্মাকোলজী বিভাগত ক্ৰমে ৩জন , ৩জন আৰু ২জনকৈ ডেমনষ্ট্ৰেটৰৰ পদ খালী হৈ আছে। কেৱল মাত্ৰ চকু ৰোগ বিভাগত এটা অধ্যাপকৰ পদ খালী হৈ আছে। ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজত। ইয়াৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা বিগত চাৰিবছৰত বহুকেইগৰাকী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰিছে। জেএমচিএইচত ২০২০ চনৰ পৰা ৬ গৰাকী সহকাৰী অধ্যাপক আৰু ৭ গৰাকী পঞ্জীয়ক তথা ডেমনষ্ট্ৰেটৰে চাকৰিৰ পৰা পদত্যাগ কৰিছে(13 doctors of resign from JMCH)।

লগতে পঢ়ক : মানৱসেৱাৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিলে কংগ্ৰেছ নেত্ৰী তথা সমাজসেৱিকা ৰিজুমনি তালুককদাৰে