Local, Vocal, Global

Sensational Incident in JMCH : JMCHত শিশু মৃত্যুৰ তদন্ত প্ৰতিবেদন দাখিল

নিউজ ডেস্ক,১৬জুলাই : JMCHত শিশু মৃত্যুৰ তদন্ত প্ৰতিবেদন দাখিল।

জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল তদন্তৰ প্ৰতিবেদন। মৃগীসদৃশ কঁপনিত শিশুটিৰ মৃত্যু হোৱা বুলি উল্লেখ প্ৰতিবেদনত ।

শিশুটিক এজিথ্ৰমাইছিন বেজি দিয়া হৈছিল বুলিও উল্লেখ প্ৰতিবেদনত । পৃথকে পৃথকে ৩ খন কমিটীয়ে চলাইছিল তদন্ত। নাৰ্ছৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে(Sensational Incident in JMCH)।

উল্লেখ্য যে, শুকুৰবাৰে জ্বৰত আক্ৰান্ত হোৱাৰ বাবে যোৰহাটৰ সুৱনি গাঁৱৰ মঞ্জিত দাস আৰু শিবাণী দাসৰ ১১ মহীয়া কণ্যা সন্তান আয়ূশ্ৰীক ভৰ্তি কৰোৱা হৈছিল যোৰহাট মেডিকেল কলেজত। যোৰহাট মেডিকেলত চিকিতসাধীন অৱস্থাতেই কৰুণ মৃত্যুক সাৱটিলে কণমানী আয়ূশ্ৰীয়ে।

লগতে পঢ়ক : Two Child death in Dhubri : পানীত পৰি সলিল সমাধি দুই শিশুৰ