Dilapidated Road In Kalgachia : বানে বিধস্ত কৰা পথক লৈ যমৰ যাতনাত ভূগিছে সাধৰণ ৰাইজ
নিউজ ডেস্ক,১৫জুলাই : বানে বিধস্ত কৰা পথক লৈ যমৰ যাতনাত ভূগিছে সাধৰণ ৰাইজ । চৰকাৰ তথা প্ৰশাসনে বান বিধস্ত পথক লৈ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন ।উপাইহীন হৈ ৰাইজে দান বৰঙীৰে বান বিধস্ত পথত মেৰামতি কৰিবলৈ নামিছে ।
উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ কবৰ স্থানৰ পৰা মথাউৰিলৈ যোৱা পথটো বানৰ সময়ত বিধ্বস্ত হৈ পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত সমস্য়াৰ সন্মুখীন হৈ আহিছে । এই পথটোত বোকা-পানীৰ সৃষ্টি হোৱাত যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰে(Dilapidated Road In Kalgachia) ।
দৈনিক ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ যাতায়তত চৰম অসুবিধাৰ সৃষ্টি হোৱাত ৰাইজে জনপ্ৰতিনিধিক পথটো মেৰামতিৰ বাবে আহ্বান জনায় । ৰাইজে এই ক্ষেত্ৰত কোনো সুফল নোপোৱাত সোমবাৰে পথছোৱা মেৰামতিৰ বাবে হাতে-কামে লাগে ।
স্থানীয় জনপ্ৰতিনিধিৰ দুৱাৰে দুৱাৰে ঘূৰিও কোনো সুফল নোপোৱাত গঞাই ওলাই আহি ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি শিল-বালিৰে ৰাস্তা মেৰামতিৰ কাম কৰে । চৰকাৰ তথা প্ৰশাসনে পথ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে উপায়হীন হৈ গাঁঠিৰ ধনেৰে ৰাস্তা মেৰামতি কৰে ক্ষুব্ধ ৰাইজে ।