Local, Vocal, Global

Tragic Road Accident IN Kachua :মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত এগৰাকী মহিলা

নিউজ ডেস্ক,১৫জুলাই : মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ। থিতাতে নিহত এগৰাকী মহিলা।

কচুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।সোমবাৰে কচুৱাৰ লটুমাৰী দলঙৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনাটো(Tragic Road Accident IN Kachua)।

জানিব পৰা মতে, AS-02-A-1247 নম্বৰৰ যাত্ৰীবাহী বাছখন গৈ থকাৰ সময়তে কচুৱা তিনিআলিৰ পৰা কামপুৰ অভিমুখী আহি থকা মটৰ চাইকেলত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দূঘর্টনাটো।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এগৰাকী মহিলা । নিহত মহিলা গৰাকী ৰৌজিনা খাতুন বুলি জানিব পৰা গৈছে।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : Assam Police officers raises hand with bribe in Fakirganj : পুনৰ খাকী পোচাকত দাগ লগালে আৰক্ষী বিষয়াই