Businessman Fatally Shot Dead by Dacoits in Goalpara : সোমবাৰে অশোক গোৱেলৰ বাসগৃহত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন
নিউজ ডেস্ক,১৫জুলাই : পোহৰলৈ আহিছে দেওবাৰে নিশা সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ চিচিটিভিৰ ভিডিঅ’। ভিডিঅ’ত ব্যৱসায়ী অশোক গোৱেলক দুৰ্বৃত্তই হত্যা কৰাৰ কিছু আগমুহূৰ্তৰ দৃশ্য বন্দী হৈছিল কেমেৰাত, য’ত নিজ পুত্ৰৰ সৈতে ব্যৱসায়ীগৰাকীয়ে ব্যৱসায়ৰ কামত দুধনৈত উপস্থিত হৈছিল। অশোক গোৱেল আৰু পুত্ৰই গাড়ীৰ পৰা নামিছিল যদিও চালকগৰাকী বাহনতে বহি আছিল। আনহাতে, চিচিটিভিত অশোক গোৱেলক যথেষ্ট অসুস্থ দেখা গৈছে। মানুহজনে অসুস্থতাৰ বাবে ভালদৰে খোজকঢ়াতো সমস্যা হৈছিল। বাহনখনৰ পিছৰ চিটত বহিছিল ব্যৱসায়ীগৰাকী, আনহাতে পুত্ৰ বহিছিল গাড়ীৰ আগৰ চিটত অৰ্থাৎ চালকৰ লগত(Businessman Fatally Shot Dead by Dacoits in Goalpara)।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে সোমবাৰে অশোক গোৱেলৰ বাসগৃহত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন।
সাংসদগৰাকী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। লগতে সাংসদগৰাকীয়ে কয় যে, চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গৃহ বিভাগৰ দায়িত্ব আন এজনক দিয়াৰ কথাহে কয়। লগতে কয় যে, “সম্পূৰ্ণ ৰূপে ফেইলাৰ হৈছে এইখন চৰকাৰ। ৰাইজক অভয় প্ৰদান কৰিব পৰা নাই। নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে এইখন চৰকাৰ।” সেয়ে অতি সোনকালে তদন্ত প্ৰক্ৰিয়াৰে অশোক গোৱেলৰ হত্যাকাৰীক বিচাৰি উলিওৱাৰ লগতে পৰিয়ালটোৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ দাবী জনায় সাংসদগৰাকীয়ে।
লগতে পঢ়ক : Large amount of narcotics seized : লামডিঙত জব্দ বুজন পৰিমাণৰ ভাং; গ্ৰেপ্তাৰ তিনিজন যুৱক